Show/Hide Keyboard Layout

ৰম্ভা, মেনকা কিম্বা যুথিকা

- জিতু শৰ্মা

ৰম্ভা, মেনকা কিম্বা যুথিকা

নামবোৰ নাজানো ভাই

হংস গামিনী ইমান ৰমণী

কলিজা ধপে ধপায় ।

তঁহতৰ লাজ কাজ নাই যা,

গাভৰুক জোকাব নাপায় ।

সাইলাখ ৰাম হে আমি যেন ৰাৱণ

কৰিছোঁহি সীতা হৰণ ।

এবাটি গাখীৰত মুখ ধুই আহ গৈ

হনুমান দুয়োজন

এখনি দাপোনত ৰূপ চাই আহগৈ

ইমান সুদৰ্শন ।

কাৰ্ত্তিক কাষতে পাইছা হাততে

হেৰালে আৰু নাপায় ।

প্ৰেম প্ৰেম জখলা বগাবলৈ হ'বলা

ৰূপহীৰ মনেই নাযায়,

কাৰ্তিক দুটালৈ চায়

ৰম্ভাই নাকেই কোঁচায় ?

ৰিহাৰে মেৰতে চকুহাল পৰোঁতে

হিয়া মোৰ দহিহে যায়

খং খং চাৱনি আৰু যেন শুৱনি

ওঁঠে পিছে মিচিকিয়ায় ।

বিয়া নাম নোগোৱাঁ নাই

এই, মাত দিলে কিনো ক্ষয় যায় ?

গাভৰু ক্ষেমিবা দায় নধৰিবা

ইহঁতৰ মগজু নাই

হুলাবাৰি এচাৰি ব্যৱহাৰ নকৰি

দিয়া দেই আমাক বিদায় ।

Hits: 1823